Posts

Showing posts from October, 2026

One Piece Flag Neha Bora at Jantar Mantar

Image
নেপালৰ পৰা জন্তৰ-মন্তৰলৈকে  এই One Piece T-Shirt এতিয়া গোলকীয় প্ৰতিবাদৰ প্ৰতীক নেকি? ডিজিটেল ডেস্ক: নতুন দিল্লীৰ জন্তৰ-মন্তৰত হোৱা প্ৰতিবাদত দেখা গৈছিল * Neha Bora *  এ পিন্ধা One Piece ৰ T-Shirt। তেওঁৰ ৰঙা T-Shirt ত থকা Straw Hat Pirate ৰ খুলিৰ চিহ্নটোৱে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এটি ভাইৰেল ভিডিঅ'টোত দাবী কৰা হৈছে যে এইটো কেৱল এটা Anime ৰ চিহ্ন নহয়। ২০২৫ চনত একেটা পতাকাই নেপাল, ইণ্ডোনেছিয়া, ফিলিপাইনছৰ Gen-Z প্ৰতিবাদত ব্যৱহাৰ হৈছিল বুলি কোৱা হৈছে। * প্ৰকৃততে কি হৈছিল? * আন্তৰ্জাতিক সংবাদ মাধ্যমৰ ৰিপৰ্ট অনুসৰি, One Piece ৰ Straw Hat Flag খন ২০২৫ চনত সঁচাকৈয়ে Gen-Z ৰ প্ৰতিবাদৰ এক গোলকীয় প্ৰতীক হৈ পৰিছিল। 8212 - * ইণ্ডোনেছিয়াত: * স্বাধীনতা দিৱসৰ আগতে চৰকাৰৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিবলৈ এই পতাকা দেখুওৱা হৈছিল। - * নেপালত: * ২০২৫ চনৰ ছেপ্টেম্বৰত দুৰ্নীতি আৰু চেন্সৰশ্বিপৰ বিৰুদ্ধে হোৱা Gen-Z আন্দোলনত এই পতাকা Singha Durbar ৰ সন্মুখত উৰিছিল, যাৰ পিছত প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিবলগীয়া হৈছিল। - * ফিলিপাইনছত: * দুৰ্নীতি বিৰোধী প্ৰতিবাদত এই পতাকা ব...

দেৱদূতৰ ৰূপত অসহায় পৰিয়ালৰ কাষত বিধায়ক

Image
ব্যক্তিগত চিকিৎসালয়ত ৮ লাখ টকাৰ বিলৰ ভিতৰত ৭ লক্ষাধিক টকা ৰেহাই  ডিজিটেল ডেস্ক: স্বামীক হেৰুৱাই শোকত ভাগি পৰা এগৰাকী মহিলা, পিতৃহাৰা এটি কণমানি সন্তান আৰু পুত্ৰশোকত ম্ৰিয়মাণ এগৰাকী বৃদ্ধা মাতৃ। তাৰ মাজতে মূৰৰ ওপৰত প্ৰায় ৮ লাখ টকাৰ হাস্পতালৰ অনাদায় বিল। এনে এক জটিল পৰিস্থিতিত পৰিয়ালটোৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়ালে ধিঙৰ বিধায়ক মেহবুব মোক্তাৰে। ধিঙৰ আঠগাঁৱৰ সঞ্জীৱ শইকীয়া ওৰফে তপনৰ মৃত্যুৰ পিছত শোকত ভাগি পৰা পৰিয়ালটোৱে সন্মুখীন হৈছিল চৰম আৰ্থিক সংকটৰ। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সঞ্জীৱ শইকীয়া উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কেইবাদিনো চিকিৎসাধীন হৈ থকাৰ পিছত অৱশেষত মৃত্যুক আঁকোৱালি লয় সঞ্জীৱে। এফালে আপোনজনক হেৰুওৱাৰ অসহনীয় বেদনা, আনফালে হাস্পতালৰ প্ৰায় ৮ লাখ টকাৰ অনাদায় বিল। টকাৰ অভাৱত মৃতদেহটো হাস্পতালৰ পৰা ঘৰলৈ লৈ যোৱাটোও পৰিয়ালটোৰ বাবে কঠিন হৈ পৰিছিল। এনে সংকটৰ সময়তে পৰিয়ালটোৱে যোগাযোগ কৰে ধিঙৰ বিধায়ক মেহবুব মোক্তাৰৰ সৈতে।পৰিয়ালটোৰ দুৰৱস্থাৰ বিষয়ে জানিব পাৰি বিধায়কগৰাকী হাস্পতাল খনত উপস্থিত হয়। হাস্পতাল কৰ্...

শালকাটিত মহিবুৰ এন্টাৰপ্ৰাইজৰ শুভ উদ্বোধন।

Image
Digital Desk: নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত শালকাটি চাৰিআলিত মহিবুৰ এন্টাৰপ্ৰাইজৰ শুভ উদ্বোধন কৰা হয়।  শুভ উদ্বোধনী অনুষ্ঠানটিৰ আঁত ধৰে মহিবুৰ ৰহমানে।  এন্টাৰপ্ৰাইজখন ফিতা কাটি উদ্বোধন কৰে শালকাটি নিবাসী প্ৰাক্তন অভিযন্তা আবুল হাসিমে।  তেওঁৰ লগত সহযোগ কৰে প্ৰাক্তন আঞ্চলিক সদস্য আবুল কালামে।  মহিবুৰ এন্টাৰপ্ৰাইজত মাছৰ দানা, পোহনীয়া জীৱ-জন্তুৰ খাদ্য, উন্নত মানৰ চাউল, চিৰা-মুৰি, আটা-ময়দা, চেনী আদি সুলভ দামত পোৱা যাব বুলি স্বত্বাধিকাৰীয়ে জানিব দিয়ে।  দোকানখনৰ স্বত্বাধিকাৰীৰ লগত গ্ৰাহকসকলে 9706456940 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।  অনুষ্ঠানৰ শেষত এন্টাৰপ্ৰাইজৰ সত্বাধিকাৰী মহিবুৰ ৰহমানৰ লগতে আঞ্চলিক সদস্য আবুল কালাম, ৰাইজৰ দলৰ নেতা ছফিক উল্লাহ, শিক্ষক ফকৰ উদ্দিন আহমেদে দোকানখনৰ উত্তৰোত্তৰ কামনা কৰি সাংবাদিকৰ আগত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে।

ধিং কংগ্ৰেছত খহনীয়া

Image
ডিজিটেল ডেস্ক: নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত পৰাজয়ৰ পিছতে ধিং কংগ্ৰেছত খহনীয়া। ধিং ব্লক যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি নৱাজ শ্বৰীফে ত্যাগ কৰিলে সভাপতিৰ পদ। অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি সভাপতিৰ পদটি ত্যাগ কৰে নৱাজ শ্বৰীফে। উপ-নিৰ্বাচনৰ পিছতে যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এই পদত্যাগক লৈ চৰ্চিত হৈছে কংগ্ৰেছৰ মহলত মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট।