দেৱদূতৰ ৰূপত অসহায় পৰিয়ালৰ কাষত বিধায়ক
ব্যক্তিগত চিকিৎসালয়ত ৮ লাখ টকাৰ বিলৰ ভিতৰত ৭ লক্ষাধিক টকা ৰেহাই
ডিজিটেল ডেস্ক: স্বামীক হেৰুৱাই শোকত ভাগি পৰা এগৰাকী মহিলা, পিতৃহাৰা এটি কণমানি সন্তান আৰু পুত্ৰশোকত ম্ৰিয়মাণ এগৰাকী বৃদ্ধা মাতৃ। তাৰ মাজতে মূৰৰ ওপৰত প্ৰায় ৮ লাখ টকাৰ হাস্পতালৰ অনাদায় বিল। এনে এক জটিল পৰিস্থিতিত পৰিয়ালটোৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়ালে ধিঙৰ বিধায়ক মেহবুব মোক্তাৰে। ধিঙৰ আঠগাঁৱৰ সঞ্জীৱ শইকীয়া ওৰফে তপনৰ মৃত্যুৰ পিছত শোকত ভাগি পৰা পৰিয়ালটোৱে সন্মুখীন হৈছিল চৰম আৰ্থিক সংকটৰ। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সঞ্জীৱ শইকীয়া উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কেইবাদিনো চিকিৎসাধীন হৈ থকাৰ পিছত অৱশেষত মৃত্যুক আঁকোৱালি লয় সঞ্জীৱে। এফালে আপোনজনক হেৰুওৱাৰ অসহনীয় বেদনা, আনফালে হাস্পতালৰ প্ৰায় ৮ লাখ টকাৰ অনাদায় বিল। টকাৰ অভাৱত মৃতদেহটো হাস্পতালৰ পৰা ঘৰলৈ লৈ যোৱাটোও পৰিয়ালটোৰ বাবে কঠিন হৈ পৰিছিল। এনে সংকটৰ সময়তে পৰিয়ালটোৱে যোগাযোগ কৰে ধিঙৰ বিধায়ক মেহবুব মোক্তাৰৰ সৈতে।পৰিয়ালটোৰ দুৰৱস্থাৰ বিষয়ে জানিব পাৰি বিধায়কগৰাকী হাস্পতাল খনত উপস্থিত হয়। হাস্পতাল কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি অনাদায় বিলৰ ভিতৰত প্ৰায় ৭ লক্ষাধিক টকা ৰেহাইৰ ব্যৱস্থা কৰি দিয়ে বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে হস্পিতালৰ পৰা মৃতদেহটো ধিঙৰ আঠগাঁৱৰ বাসগৃহলৈ লৈ যোৱালৈকে প্ৰয়োজনীয় ব্যৱস্থাতো সহায় আগবঢ়ায় বিধায়ক গৰাকীয়ে। অনাগত দিনতো পৰিয়ালটোৰ কাষত থকাৰ আশ্বাস দিয়ে তেওঁ।বিধায়কগৰাকীৰ এই সহায়ৰ পিছত আৱেগিক হৈ পৰে স্বামীহাৰা মহিলাগৰাকীৰ লগতে পৰিয়ালবৰ্গ । তেওঁ কয়, “মই সৰ্বস্বান্ত হৈ গ’লোঁ। মোৰ বাবে বিধায়ক মেহবুব মোক্তাৰ ঈশ্বৰৰ দূতৰূপে আহিল। তেওঁ মোক উদ্ধাৰ কৰিলে। টকা দিব নোৱাৰাৰ বাবে মৃতদেহটো ৰাখি থৈছিল। কিন্তু তেওঁ আহি আমাক বিপদৰ পৰা উদ্ধাৰ কৰিলে। তেওঁক কোটি কোটি নমস্কাৰ জনাইছোঁ। তেওঁৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ থাকিম।” স্বামীক হেৰুওৱা মহিলাগৰাকী, পিতৃহাৰা কণমানি সন্তান আৰু পুত্ৰশোকত ভাগি পৰা বৃদ্ধা মাতৃৰ বাবে এই সহায়ে চৰম সংকটৰ সময়ত কিছু সকাহ কঢ়িয়াই আনিছে। বিপদৰ সময়ত অসহায় পৰিয়ালটোৰ কাষত থিয় দি বিধায়ক মেহবুব মোক্তাৰে আগবঢ়োৱা সহায়ে অঞ্চলটোত চৰ্চা লাভ কৰিছে। মানুহৰ বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাই যে মানৱতাৰ এক অন্যতম পৰিচয়, ধিঙৰ এই ঘটনাই পুনৰ সেই কথাকে প্ৰতিফলিত কৰিলে।
মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট

Comments
Post a Comment