ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ সমস্যা সন্দৰ্ভত চলিত বিধানসভাত নিমাত বিৰোধী আৰু শাসকীয় দলৰ অসম গণ পৰিষদ
ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ সমস্যা সন্দৰ্ভত চলিত বিধানসভাত নিমাত বিৰোধী আৰু শাসকীয় দলৰ অসম গণ পৰিষদ
News Desk - আগন্তুক নির্বাচনত ভোট বিচাৰি যোৱাৰ নৈতিক অধিকাৰ হেৰুৱাব লাগিব অসম গণ পৰিষদে আৰু কংগ্রেছ দলে*
চলিত অসম বিধানসভাত ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ সমস্যা সমাধান সন্দৰ্ভত নীৰব ভূমিকা গ্রহণ কৰাৰ বাবে শাসকীয় দলৰ অংশীদাৰী দল অসম গণ পৰিষদ আৰু বিৰোধী কংগ্রেছ দলক তীব্র ভাষাৰে সমালোচনা কৰিছে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ কেন্দ্ৰীয় উপদেষ্টা হেমকান্ত সন্দিকৈ আৰু সাধাৰণ সম্পাদক বসন্ত নেওগে । উল্লেখ্য যে কেইদিনমান পূর্বে বিত্তমন্ত্রী তথা শিক্ষামন্ত্রী ড হিমন্ত বিশ্ব শর্মাই ১৯৯৩ চনৰ পৰা ২০১১ চনলৈকে সম্পূর্ণ অনিয়মৰ মাজেদি ৰাজ্যত শিক্ষক নিযুক্তি দিয়া হৈছিল বুলি এক বিয়াগোম অভিযোগ উত্থাপন কৰিছে । সম্পূর্ণ নীতিগতভাৱে নিযুক্তি গ্রহণ কৰি বৰ্তমানেও কৰ্মৰত শিক্ষক সকলে বছৰ বছৰ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ একপ্ৰকাৰ মানসিক ভাবে পংগু জীৱন কটাব লগা হোৱাৰ পাছত শেহতীয়াভাৱে বিত্তমন্ত্রীৰ এই বক্তব্যই শিক্ষক সমাজ পুনৰ বাৰ মানসিক অন্তদন্দত ভোগা দেখা গৈছে ।
উল্লেখ্য যে ১৯৯৩ চনৰ পৰা ২০১১ চনলৈকে অসমত কংগ্রেছ আৰু অসম গণ পৰিষদ দলৰ চৰকাৰ আছিল । বৰ্তমানে দৰমহা লাভৰ পৰা বঞ্চিত হৈ থকা শিক্ষক সকল উক্ত দুয়োখন চৰকাৰৰ দিনতে শিক্ষক হিচাবে নিযুক্তি লাভ কৰিছিল । তাৰোপৰি উক্ত কংগ্রেছ শাসনৰ সময়ছোৱাত বৰ্তমানৰ শিক্ষামন্ত্রী তথা বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া তেতিয়াও শিক্ষামন্ত্রীৰ দায়িত্ব আছিল । তাতোকৈ বেছি গুৰুত্বপূর্ণ যে বৰ্তমানৰ শাসকীয় দলৰ চৰকাৰৰ মন্ত্রী সভাত অসম গণ পৰিষদ দলৰ কেইবাজনো মন্ত্রী বিধায়কে মন্ত্রী সভা শুৱনি কৰি আছে । বেতনৰ পৰা বঞ্চিত হৈ থকা অধিকাংশ শিক্ষকেই অগপৰ আমোলত নিযুক্তি পোৱা শিক্ষক । অথচ শাসকীয় চৰকাৰত থাকিও আজি চাৰিটা বছৰে নিজে দিয়া নিযুক্তিৰ যি সমস্যা তাক সমাধান কৰিব নোৱাৰাটো অতি লজ্জাজনক বিষয় বুলি অভিহিত কৰিছে শিক্ষক সন্থাৰ কাৰ্যকৰী সভাপতি কুশল বুঢ়াগোহাঁয়ে । শিক্ষক নিযুক্তিৰ ক্ষেত্রত দুয়োটা দলৰ চৰকাৰেই জড়িত যদিও বৰ্তমান চলিত বিধানসভাৰ মজিয়াত কি কংগ্রেছ কি অগপ কোনো এটা দলৰে মন্ত্রী বিধায়কে বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো প্ৰশ্ন উত্থাপন কৰা দেখা নাই । তেওঁলোকৰ নিজৰ সন্তানৰ প্ৰতি কিয় অকণমানো দায়িত্ববোধ নাই, কি কাৰণে শিক্ষক হিচাবে জন্ম দি আজি ২৫ /৩০ বছৰে চকুৰ আগত ৰং চাইছে ইয়াক লৈ শিক্ষক সকলৰ মাজত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে । বিগত বিধানসভা নির্বাচনৰ পূর্বে বিজেপি দল শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ দুটা মাহৰ ভিতৰতে চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছত ৰাজ্যৰ শিক্ষক সকলে চাকৰি নিয়মীয়াকৰণৰ আশাত অধীৰ আগ্রহেৰে অপেক্ষা কৰি আছে । বহু শিক্ষক চাকৰি নিয়মীয়াকৰণৰ আশা বুকুত বান্ধিয়েই মৃত্যুবৰণ কৰাৰ উপৰিও বহু শিক্ষকে বিনা বেতনেৰে অৱসৰ গ্রহণ কৰিলে। বাকী সকল শিক্ষকো অতি কম দিনৰ ভিতৰতে অৱসৰ গ্রহণ কৰিব । সেয়েহে শাসকীয় বিজেপি চৰকাৰ, চৰকাৰৰ সৈতে একাত্ম হৈ থকা অসম গণ পৰিষদ আৰু বিৰোধী কংগ্রেছ দলৰ মন্ত্রী বিধায়ক সকলোৱে উমৈহতীয়া সিদ্ধান্তত উপনীত হৈ অৱসৰৰ পূৰ্বে শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ কৰি পৰিয়ালসমূহলৈ সুখ শান্তি ঘূৰাই অনাৰ ক্ষেত্রত এক বাস্তৱসন্মত পদক্ষেপ গ্রহণ কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে । অন্যথা কোনো এটা দলে আগন্তুক নির্বাচনত শিক্ষক তথা শিক্ষক পৰিয়ালত ভোট বিচাৰি যোৱাৰ নৈতিক অধিকাৰ হেৰুৱাব লগীয়া হ'ব । তাৰোপৰি চাকৰি নিয়মীয়াকৰণ নহলে ৰাজ্যৰ শিক্ষক সকলক অন্ন-বস্তুৰ লগতে প্ৰয়োজনীয় সকলো প্ৰদান কৰিব লাগিব ।
Comments
Post a Comment